ষ্টাফৰিপৰ্টাৰ, তিনিবছৰ পূর্বে আজিৰ এই ১ আগষ্ট দিনটোতেই প্ৰধানমন্ত্ৰী মোডীয়ে ২০১৭ চনত গুৱাহাটীত অসম আৰু উত্তৰ পূর্বাঞ্চলৰ বান নিয়ন্ত্ৰণৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিছিল।আমাৰ মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রী প্ৰধানমন্ত্ৰী প্ৰতিশ্ৰুতিসমূহক ঐতিহাসিক বুলি আখ্যা দিছিল। কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে সেই প্ৰতিশ্ৰুতি সমূহৰ এটাও আজিও ৰূপায়ণ নহ’ল।বান নিয়ন্ত্ৰণৰ বাবে খোদ প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিয়েই যদি এনেদৰে ৰূপায়ণ কৰিব নোৱাৰে তেন্তে আমাৰ ৰাজ্যৰ বান আৰু গৰাখহনীয়া সমস্যাৰ কেনেকৈ সমাধান হ’ব- এইদৰে সংবাদ মাধ্যমক কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। তেওঁ লগতে কয় ‘মাথোঁ ডিঙিত গামোচাখন মেৰিয়াই তেওঁ অসমৰ সমস্যাক লৈ চিন্তিত বুলি দেখুৱালেই নহ’ব। প্ৰতিশ্ৰুতি আৰু ভাষণতে কথাবিলাক আবদ্ধ হৈ থাকিলে নহ’ব। যোৱা তিনিবছৰে মোডীয়ে বিশেষ ভাৱে ঘোষণা কৰা পেকেজ :-অসমকে ধৰি উত্তৰ পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বানপানীৰ ক্ষয়-ক্ষতিৰ বাবে ২৩৫০ কোটি টকা। অসমৰ বাবে তৎকালীন ভাৱে ২৫০ কোটি। ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৪০০ কোটি। ব্ৰহ্মপুত্ৰ অৱবাহিকা অধ্যয়নৰ বাবে ১০০ কোটি টকা।কিন্তু বাস্তৱত সকলো ফুটুকাৰ ফেন। প্ৰধানমন্ত্ৰী আৰু বিজেপি চৰকাৰে ভাষণত নহয়, বাস্তৱ ক্ষেত্রত আমাৰ সমস্যা সমূহৰ সমাধান আৰু ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে ব্যৱস্থা গ্রহণ কৰক। আমি প্ৰধানমন্ত্ৰীক আহ্বান জনাইছো যে তেওঁ অনতিপলমে পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ পূৰণ কৰাৰ লগতে এইবাৰৰ প্ৰসয়ংকাৰী বানৰ ক্ষয়-ক্ষতিৰ বুজ লৈ বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰি অসমক পাপ্য সাহায্য তৎকালীন ভাৱে প্ৰদান কৰক।’