বিএ ইন ইংলিছ! দুখনকৈ মহাবিদ্যালয়ৰ মেধা তালিকাত আহিল ছানী লিঅ’নিৰ নাম

95

ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী ছানী লিঅ’নিয়ে এইবাৰ ইংৰাজীত অনাৰ্চ লৈ স্নাতক কৰিব! পশ্চিমবংগৰ দুখনকৈ মহাবিদ্যালয়ৰ মেধা তালিকাত ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ নামো প্ৰকাশ পাইছে। কিন্তু এই বিষয়টোক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ৰাজ্যখনত।

দৰাচলতে ৰাজ্যখনৰ দক্ষিণ ২৪ পৰগণা জিলাৰ বজ-বজ মহাবিদ্যালয়ৰ মেধা তালিকাৰ ইংৰাজী বিষয়ৰ স্নাতকৰ বাবে মনোনীত শিক্ষাৰ্থীসকলৰ মাজত নাম আহিল ছানী লিয়’নিৰ। এই তালিকাত মুঠ মনোনীত ১৫৭ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৫১ সংখ্যক স্থানত আছে অভিনেত্ৰীগৰাকীৰ নাম। ইয়াৰ পূৰ্বে কলকতাৰ আশুতোষ মহাবিদ্যালয়ৰো ইংৰাজী স্নাতক বিষয়ৰ মেধা তালিকাৰ শীৰ্ষ স্থানত আছিল ছানী লিয়’নিৰ নাম।

ৰাজ্যখনৰ দুখনকৈ মহাবিদ্যালয়ৰ মেধা তালিকাত ছানী লিয়’নিৰ নাম সন্নিৱিষ্ট হোৱাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মহাবিদ্যালয় দুখনে এয়া কোনো লোকে কৰা ধেমালি আখ্যা দিলেও বিষয়টো সন্দৰ্ভত তদন্তৰ দাবী কৰিছে ছাত্ৰ সমাজে। কানাডাত জন্মগ্ৰহণ কৰা অভিনেত্ৰী ছানী লিয়’নিৰ নাম কেনেদৰে পশ্চিম বংগৰ দুখনকৈ মহাবিদ্যালয়ৰ মেধা তালিকাত ওলাল, সেয়া এতিয়াও ৰহস্য।