বাৰামুল্লাত সেনাৰে সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী

106

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ চুপুৰত বৃহস্পতিবাৰে সেনাৰে সংঘৰ্ষত দুজনকৈ সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদী দুজন লস্কৰ-এ-তৈবা নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্য আছিল বুলি জানিব পৰা গৈছে। ইফালে সেনাৰ এক সূত্ৰই প্ৰকাশ পৰা মতে, নিহত এজন সন্ত্ৰাসবাদীক ফৈয়াজ বাৰ বুলি চিনাক্ত কৰা হৈছে। উত্তৰ কাশ্মীৰত সংঘটিত কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে এই দুই সন্ত্ৰাসবাদী জড়িত আছিল বুলি প্ৰকাশ কৰিছে ভাৰতীয় সেনাই।

জানিব পৰা মতে, চুপুৰৰ এটা বাসগৃহত দুই সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ বিষয়ে এক গোপন সূত্ৰৰ জৰিয়তে জানিব পাৰিছিল ভাৰতীয় সেনাই। তাৰ পিছতে আৰক্ষীৰ সহযোগত অঞ্চলটোত অভিযান চলায় সেনাই। এই অভিযানকালত সন্ত্ৰাসবাদী দুজনে সেনা আৰু আৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত প্ৰত্যুত্তৰ দিয়ে সেনায়ো। ইফালে নিহত সন্ত্ৰাসবাদী দুজনৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছে অভিযানকাৰীয়ে।