বাসুগাঁৱত শিশুক যৌন নিৰ্যাতনৰ চেষ্টা চলাই ৰাইজৰ হাতত কৰায়ত্ব লম্পট

52

চিৰাং জিলাৰ বাসুগাঁৱৰ সুভাষ নগৰত এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ নিৰ্লজ্জ কাণ্ড পোহৰলৈ আহিছে। জানিব পৰা মতে, সন্ধিয়া দোকানলৈ বস্তু কিনিবলৈ অহাৰ সময়তে পৰিমল মণ্ডলৰ নামৰ লম্পট বিবাহিত যুৱকজনে এগৰাকী ১০ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ চেষ্টা চলায়।

ইফালে কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত লম্পটজনে অসৎ কাৰ্য চৰিতাৰ্থ কৰাত ব্যৰ্থ হয় আৰু লম্পটজনক ৰাইজে কৰায়ত্ব কৰি উত্তম মাধ্যম শোধায়। পিছত ঘটনাস্থলীত বাসুগাঁও আৰক্ষী উপস্থিত হৈ ৰাইজৰ হাতৰ পৰা অভিযুক্ত পৰিমল মণ্ডলক উদ্ধাৰ কৰে আৰু ঘটনা সন্দৰ্ভত শিশুটিৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে।