বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ চৰকাৰঃ কাইলৈৰ পৰা গ্ৰহণ কৰা হ’ব ব্যৱস্থা…

116

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে পুনৰ কয় যে ৰাজ্যখনত “বাল্য বিবাহৰ বিপদ”ৰ অন্ত পেলোৱাৰ সংকল্পত চৰকাৰ দৃঢ়প্ৰতিজ্ঞ।

এই পদক্ষেপত ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কাইলৈৰ পৰা ৪,০০৪টা পঞ্জীয়নভুক্ত গোচৰৰ ব্যৱস্থা আৰম্ভ হ’ব বুলি কয়৷

মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা তথ্য অনুসৰি ধুবুৰী জিলাত বেছিভাগ বাল্যবিবাহৰ গোচৰ পঞ্জীয়ন (৩৭০) হোৱাৰ বিপৰীতে আটাইতকৈ কম গোচৰ আছে হাইলাকান্দিত (১)।

বঙাইগাঁৱত মুঠ ১২৩, কাছাৰত ৩৫, দৰঙত ১২৫, ডিব্ৰুগড়ত ৭৫, গোৱালপাৰাত ১৫৭, হোজাইত ২৫৫, কামৰূপত ৮০, কোকৰাঝাৰত ২০৪, নগাঁৱত ১১৩, মৰিগাঁৱত ২২৪, আৰু তামুলপুৰত ১১০টা গোচৰ ৰুজু হৈছে।

যোৱা মাহৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছিল যে বাল্যবিবাহৰ গোচৰ বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে ব্যাপক দমন কাৰ্যসূচী গ্ৰহণ কৰিব।

তেওঁ কয় যে কইনাৰ বয়স ১৪ৰ পৰা ১৮ বছৰৰ ভিতৰত হ’লে বাল্য বিবাহ নিষেধাজ্ঞা আইন ২০০৬ৰ অধীনত গোচৰ ৰুজু কৰা হ’ব।