বাল্য বিবাহৰ গোচৰত জড়িত থকাৰ অভিযোগত ধুবুৰীত আটক এজন শিক্ষক।
কাজী হিচাপে কিশোৰীক বিয়া দিয়াৰ অভিযোগত আটক শিক্ষক নাছিৰুদ্দিন শ্বেখক।
হাতীধুৰা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত শিক্ষক হিচাপে কৰ্মৰত নাছিৰুদ্দিনক আটক কৰে তামাৰহাট আৰক্ষীয়ে।
বৰ্তমান তামাৰহাট আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে অভিযুক্ত শিক্ষকজনক।
অধিক তদন্ত অব্যাহত ৰখা হৈছে।
