বান বিধ্বস্ত ধৰ্মপুৰত বান সাহায্য বিতৰণ ধৰ্মপুৰ বিকাশ মঞ্চৰ

77

দিগন্ত বৰ্মন, নলবাৰী:- ইফালে কোভিড ১৯ৰ গণ সংক্ৰামন, দীঘলীয়া লকডাউন, আনফালে ধাৰাবাহিক বানৰ তাণ্ডৱ ৷ একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে সাধাৰন জনতা ৷ বানে ধোৱা পশ্চিম নলবাৰী অঞ্চলৰ ধৰ্মপুৰ সমষ্টিৰ পখুৰাত আজি বান সাহায্য বিতৰন কৰা হয় ৷

অসম ফাৰ্মাচিউটিকেল এচোচিয়েচনৰ উদ্যোগত আৰু ধৰ্মপুৰ বিকাশ মঞ্চৰ সহযোগত সমষ্টিটোৰ পখুৰাত শতাধিক দুখীয়া পৰিয়ালৰ মাজত বিতৰন কৰা হ’য় বান সাহায্য ৷  সাহায্য সামগ্ৰী বিতৰণ কৰি ধৰ্মপুৰ বিকাশ মঞ্চৰ সভাপতি জ্যোতিৰ্ময় শৰ্মাই দুৰ্যোগৰ সময়ত মানৱতাৰ দৃষ্টিৰে দূৰ্গত জনৰ ওচৰত থিয় হোৱাতো সকলোৰে নৈতিক দায়িত্ব বুলি প্ৰকাশ কৰে ৷ শৰ্মাৰ উক্ত কামৰ শলাগ লয় ৰাইজে ৷