বাতিল হল মেট্ৰিক-হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা

76

কোভিড সৃষ্ট পৰিৱেশৰ বাবে অৱশেষত বাতিল কৰা হৈছে মেট্ৰিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পৰীক্ষাসমূহ বাতিল কৰাৰ বিষয়ে ঘোষণা কৰে।

ইফালে পৰীক্ষা সন্দৰ্ভত বিভিন্ন ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ বাবে দুখনকৈ কমিটী গঠন কৰাৰ বিষয়েও জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে। তেওঁ জানিব দিয়া মতে, কমিটীৰ সদস্যয়েই ছাত্ৰ-ছাত্ৰীৰ মাৰ্কিং চিষ্টেম নিৰ্ধাৰণ কৰিব আৰু ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা হব।

উল্লেখ্য যে, পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ স্বাস্থ্য বিভাগে পৰামৰ্শ আগবঢ়োৱাৰ পিছতে আজি সদৌ অসম ছাত্ৰ সন্থা, এপিএছএউ আৰু সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে এক দীঘলীয়া আলোচনা বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু। তাৰ পিছতে পৰীক্ষা বাতিল কৰাৰ বিষয়ে সাংবাদিকৰ আগত ঘোষণা কৰে তেওঁ।