বাজেট অধিৱেশনত আজি বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ।
অৰুণোদয় আঁচনিৰ লাভাৰ্থী সকলৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা বাজেটত।
অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে ১২৫০ টকালৈ।
যিসকল দুখীয়ালোকে ৫০ইউনিট বিদ্যুতৰ ৰাজসাহায্য লাভ কৰিব, তেওঁলোকৰ বাবে অতিৰিক্ত ২৫০টকাকৈ অৰণোদয় আঁচনি ধনৰ সৈতে প্ৰতিমাহে বেংক একাউন্টযোগে দিয়াৰ ব্যৱস্থা।
অসমৰ চাহ নিগন পৰিসীমিত নিবিনিয়োজনৰ বাবে ১৪২.৫০কোটি টকাৰ আৱন্টন।
জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে সুসংহত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি।
মটক সম্প্ৰদায়, অন্যান্য পিছ পৰা সম্প্ৰদায়ে এতিয়া নিজা নিজা সংস্থাৰ জৰিয়তে প্ৰমাণ পত্ৰ প্ৰদান কৰিব পাৰিব।
খিলঞ্জীয়া লোকৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা ভূমি সুৰক্ষা সুৰক্ষিত কৰিবলৈ অসম ভূমি নীতি ২০১৯ৰ সংশোধনৰ ব্যৱস্থা।
খিলঞ্জীয়া পৰিয়ালে ৮ বিঘা ভূমি চিলিঙৰ উৰ্ধসীমা ৫০বিঘা পৰ্যন্তলৈ বৃদ্ধিৰ প্ৰস্তাৱ।