বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে

73

ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠকত বাঘজানৰ পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।
বৈঠকত অংশ ল’য় কেন্দ্ৰীয় গৃহমন্ত্ৰী, কৃষিমন্ত্ৰী, পেট্ৰ’লিয়াম মন্ত্ৰী, পৰিৱেশ আৰু বনমন্ত্ৰী, ড’নাৰ মন্ত্ৰীয়ে।
বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ প্ৰধানমন্ত্ৰীক অৱগত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।”বাঘজানৰ ৰাইজৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে সকলোধৰণৰ পদক্ষেপ আগবঢ়াব ভাৰত চৰকাৰে” –এই বুলি কয় প্ৰধানমন্ত্ৰীয়ে।
তেওঁ লগতে কয় “এই সংকটৰ সময়ত মই বাঘজানৰ ৰাইজৰ কাষত আছোঁ”। তৈলখাদ আৰু গেছকূপত সংঘটিত হ’ব পৰা দুৰ্ঘটনাৰ মোকাবিলা কৰিব পৰাকৈ বিশেষজ্ঞ সৃষ্টি কৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পেট্ৰ’লিয়াম টেকনলজি বিভাগক উন্নীতকৰণৰ ব্যৱস্থা কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনালে মুখ্যমন্ত্ৰী সোণোৱালে।