বাক্সাৰ কৃষি পথাৰত ৰোৱনীৰ ৰূপত কাৰ্যবাহী সদস্য ঘনশ্যাম দাস

152

বাক্সাৰ এগৰাকী ব্যতিক্ৰমী জনপ্ৰতিনিধি। সাধাৰণ ৰোৱনীৰ সৈতে একাকাৰ হৈ পথাৰত বোকা পানী গচকি কঠিয়া ৰুই আনন্দ অনুভৱ কৰিছে এই গৰাকী জনপ্ৰতিনিধিয়ে। সাধাৰণ জনতাৰ সৈতে একাকাৰ হোৱা এই গৰাকী জনপ্ৰতিনিধি হ’ল বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস। যিসময়ত মন্ত্ৰী-বিধায়কে লোকক দেখুৱাবলৈ কেমেৰাৰ সন্মুখত পথাৰত নামি এক ক্ষনিক নাটকৰ সৃষ্টি কৰে তেনে সময়তে কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে কোনো ধৰণৰ কৃত্ৰিমতা নৰখাকৈয়ে আন্তৰিকতাৰে পথাৰত নামি বোকাত লুতুৰি পুতুৰি হোৱা দৃশ্যই সকলোকে আনন্দিত কৰি তুলিছে। নিজে কঁঠীয়া ৰোপণৰ পিছতে কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে আজি শ্ৰীলংকাত যি অৰ্থনৈতিক দূৰৱস্থাই দেখা দিছে, সেই দূৰৱস্থা আমাৰ দেশতো মে নহ’ব তাৰ কোনো নিশ্চয়তা নাই। তাৰ বাবেই আমি সকলোৱে কৃষি কৰ্মত জড়িত হৈ আত্মনিয়োগ কৰিব লাগে। আমি তেনে তেনে খাব পাৰো যদিও দুখীয়া লোক সকলে কেনেকৈ ইমান দামত বস্তু ক্ৰয় কৰি খাব বুলি উল্লেখ কৰি তেওঁ জিএচটিৰ ফলত যে ইমান দাম বাঢ়িব কোনেও কল্পনা কৰিব পৰা নাছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। কাৰ্যবাহী সদস্য হৈও নিজে খেতি পথাৰত নমাৰ লগতে সাধাৰণ লোকৰ সৈতে বস্তু কিনাৰ লগতে নিজ কৃষি ভূমিত সাৰৰ পৰিবৰ্তে জৈৱিক সাৰ প্ৰয়োগ কৰা বুলি মন্তব্য কৰে কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে। উল্লেখযোগ্য যে আজিৰ এই হাল উঠোৱা পৰ্বত কেবাগৰাকী পুৰুষ আৰু মহিলাই একত্ৰিত ভাৱে তিনিবিঘা ভূমিত কঠীয়া ৰুই হাল উঠোৱা কাৰ্য শেষ কৰে। এই কাৰ্যত তেখেতৰ সহধৰ্মিনীও সহযোগ কৰে। ইয়াৰ পিছতে সকলোৱে লগে ভাগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।