বাক্সাত নিৰ্বাচন আয়োগৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ:: জিলাখনৰ মুঠ ভোটাৰ ৫,৬০৬৯৮ গৰাকী

136

বাক্সাত নিৰ্বাচন আয়োগৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ:: জিলাখনৰ মুঠ ভোটাৰ ৫,৬০৬৯৮ গৰাকী ।

নিৰ্বাচন আয়োগে আজি ৰাজ্যখনৰ অন্যান্য জিলাৰ সমান্তৰালভাৱে বাক্সা জিলাৰো চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে ৷ আজি মুছলপুৰস্থ জিলা উপায়ুক্তৰ সভাকক্ষত এক সংবাদমেল অনুষ্ঠিত কৰে জিলা নিৰ্বাচনী আয়োগে ৷ সংবাদমেলত জিলাখনৰ চূড়ান্ত ভোটাৰ তালিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে উপায়ুক্ত মাচান্দা মেগদেলিন পাৰ্টিনে । চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট অনুসৰি জিলাখনৰ অন্তৰ্গত ৫৮নং তামুলপুৰ, ৬২ নং বৰমা আৰু ৬৩ নং চাপাগুৰী তিনিটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৫,৬০৬৯৮ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ২,৮১৫৭১ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্য হৈছে ২,৭৯ ১২৭ গৰাকী। লিংগ অনুপাতে ৯৮৭ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে ৯৯১ গৰাকী মহিলা ভোটাৰ ৷ খচৰা ভোটাৰ তালিকাৰ তুলনাত চূড়ান্ত ভোটাৰ তালিকাত বৃদ্ধি পাইছে ১.৩৫ শতাংশ ভোটাৰ ৷ ইয়াৰে ৫৮ নং তামুলপুৰ বিধানসভাত সমষ্টিত ২,২৩,৬০৭ গৰাকী, ৬২ নং বৰমা বিধানসভা সমষ্টিত ১,৭২,৬৯১ গৰাকী আৰু ৬৩ নং ছাপাগুৰি বিধানসভা সমষ্টিত ১,৬৪,৪০০ গৰাকী ভোটাৰ আছে ৷ আনহাতে তিনিওটা বিধানসভা সমষ্টিতে এগৰাকীকৈ তৃতীয় লিংগৰ ভোটাৰ আছে ৷ সংবাদমেলত জিলা উপায়ুক্ত মাচান্দা মেগদালিন পাৰ্টিনৰ লগতে জিলা নিৰ্বাচনী বিষয়া মানবেন্দ্ৰ ভৰালী আৰু অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ শৰ্মাও উপস্থিত থাকে ৷ উল্লেখ্য যে আজিৰ এই চূডা়ন্ত ভোটাৰ তালিকাৰ প্ৰকাশৰ সংবাদমেলত বিজেপি, ইউপিপিএল, বিজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিত থাকে ৷