বাক্সা জিলাত ক্ষিপ্ৰ গতিত আগবাঢ়িছে অসম জাতীয় পৰিষদৰ সাংগঠনিক কাম কাজ

47

নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ভেটি শক্তিশালী কৰাৰ বাবে বি টি আৰ এলেকাৰ বাক্সা জিলাত সাংগঠনিক কাম-কাজ তীব্ৰগতিত আগবাঢ়িছে। মঙলবাৰে তামুলপুৰৰ ৰাজহুৱা সভাঘৰত “অসম জাতীয় পৰিষদ”ৰ বৃহত্তৰ বাক্সা জিলা সমিতি খন গঠনৰ বাবে এখন সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে জাতীয়তাবাদী শিবিৰৰ ধ্বজাবাহক কৃতি শিক্ষক ভবেন ৰাজবংশীয়ে। এই সভাত অ. জা. প. তামুলপুৰৰ আহ্বায়ক সমিতিৰ প্ৰাণজিৎ তালুকদাৰ, ভৱেন ৰাজবংশী, দমন পাটোৱাৰী আৰু মানিক কুমাৰকে আদি কৰি অ. জা. প.ৰ বিভিন্ন বিষয়ববীয়া সকল উপস্থিত থাকে।

সভাত উপস্থিত থাকি “অসম জাতীয় পৰিষদ”ৰ ৰাজ্যিক সম্পাদক অমল ডেকাই বি জে পি মিত্ৰজোটৰ চৰকাৰ খনক কঠোৰ ভাষাৰে সমালোচনা কৰে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত সৰ্বকালৰ দুৰ্নীতিগ্ৰষ্ঠ জাতিদ্ৰোহী সাম্প্ৰদায়িক এই চৰকাৰখনক সমালোচনা কৰি দিছপুৰৰ পৰা বিদায় দিয়াৰ বাবে আহ্বান জনায়। তেও কয় যে এই চৰকাৰখনে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ ব্যাপক ক্ষতিসাধন কৰিছে। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাতৰ সৃষ্টি কৰি অসমীয়া জাতিটোক ধংসৰ গৰাহলৈ ঠেলি দিছে। বৰ্তমান অসমৰ যি অসুৰক্ষিত সমাজ ব্যৱস্থা, নিবনুৱা সমস্যা, খাদ্য সামগ্ৰীৰ বৰ্ধিত হাৰ, নাগৰিকৰ আৰ্থিক দৈন্যতা ইত্যাদি সমস্যাৰ কাৰণে প্ৰধান দায়ী বি জে পি নেতৃত্বাধীন মিত্ৰজোটৰ এই চৰকাৰ। ২০২১ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত যুঁজ হব জাতিক ভালপোৱা আঞ্চলিক শক্তি আৰু জাতিদ্ৰোহী সৰ্বভাৰতীয় সাম্প্ৰদায়িক শক্তিৰ মাজত। এই যুঁজত আঞ্চলিক শক্তিৰ জয় নিশ্চিত।

সভাত উপস্থিত ৰাইজৰ মাজৰ পৰা কেইবাগৰাকীও বক্তাই বি. জে. পি আৰু অ. গ. প দলক কঠোৰ ভাষাৰে সমালোচনা কৰে। সভাত বৃহত্তৰ তামুলপুৰ, গোৰেশ্বৰ, নাওকাটা, নাগ্ৰিজুলি, কুমাৰীকটা আদি অঞ্চলৰ পৰা বৃহৎ সংখ্যক লোক সমবেত হৈ প্ৰত্যেকৰে নিজৰ ভিতৰত আৱদ্ধ হৈ থকা ক্ষোভ, বেদনা, বিষোদগাৰ প্ৰকাশ কৰি শাসনাধিষ্ঠিত বি জে পি চৰকাৰৰ বিৰুদ্ধে গুজৰি গুমৰি উঠে।

উল্লেখযোগ্য যে বৰ্তমানেও জিলা সমিতি গঠন নোহোৱা বি, টি, আৰ এলেকাত গৰিষ্ঠসংখ্যক অঞ্চলৰ পৰা ইতিমধ্যে ক্ষীপ্ৰ গতিত “অসম জাতীয় পৰিষদ” দলৰ কাম-কাজ আগবঢ়াৰ লগতে সমগ্ৰ অঞ্চলৰ জনসাধাৰণে “অসম জাতীয় পৰিষদ”ৰ নীতি আদৰ্শত বিশ্বাস কৰি জাতীয়তাবাদী চিন্তাধাৰাৰে ওলাই আহিছে। মঙলবাৰৰ সভাত অ. জা. প.ৰ ৰাজ্যিক সম্পাদক অমল ডেকাক সংগ প্ৰদান কৰে “অসম জাতীয় পৰিষদ”ৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মহেশ শৰ্মা, নলবাৰী জিলা আহ্বায়ক শৰত কলিতা, বৈকুন্ঠ বৰ্মন, “অসম জাতীয় পৰিষদ”ৰ নলবাৰী জিলা প্ৰচাৰ কোষৰ মুখ্য সমন্বয়ক হিতেশ মজুমদাৰ, নলবাৰী সমষ্টি মুখ্য আহ্বায়ক মহেশ্বৰ কলিতা, নিধিৰাম কাকতি, হাডিচুজ জামান, সমষ্টি আহ্বায়ক ৰাতুল ৰঞ্জন চৌধুৰী, নৱাব ইকৰাম হুছেইন আদিয়ে।