ঘৰৰ চৌহদৰ দেৱাল বগাব বিচৰা সময়তে গাৰ ওপৰত পকী দেৱালৰ ইটা খহি মৃত্যু এটি কণমানিৰ।
এই শোকাবহ ঘটনা সংঘটিত হৈছে বাইহাটা চাৰিআলিৰ ক্ষুদ্ৰ পলহাত।
নিহত শিশুটি আজিজুৰ ৰহমান আৰু জুপিতৰা বেগমৰ একমাত্ৰ পুত্ৰ জুবেইৰ ৰহমান বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, ক্ষুদ্ৰ পলহাত ভাড়াতীয়া হিচাপে পিতৃ-মাতৃৰ সৈতে বাস কৰিছিল শিশুটিয়ে।
শুকুৰবাৰে বিয়লি ঘৰৰ কাষতে খেলি খেলি চৌহদৰ দেৱালত উঠিব খোজতেই শিশুটিৰ সৈতে সংঘটিত হয় দুৰ্ঘটনা।
বুকুত আঘাতপ্ৰাপ্ত শিশুটিক লগে লগে হাস্পতাললৈ নিয়া হয় যদিও আধা বাটতে মৃত্যু ঘটে জুবেইৰ।
