কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সমীপত বাংলাদেশী দুষ্কৃতিকাৰীয়ে দুই যুৱকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধান সভা সমষ্টিৰ মেডলী চাহ বাগিচা এলেকাত সংঘটিত হৈছে এই ঘটনা।
ভুক্তভোগীৰ মতে, বাংলাদেশৰ পৰা অহা দুষ্কৃতিকাৰীয়ে যুৱক দুজনৰ মোবাইল ফোনো কাঢ়ি লৈ যায়।
অভিযোগ অনুসৰি ২৬ জুলাইৰ পুৱা কৰিমগঞ্জৰ পাথাৰকান্দিৰ চম্পাবাৰী অঞ্চলৰ দুই যুৱক সন্তোষ চাউতাল আৰু বিধান চাউতালে মন্দিৰলৈ গৈ আছিল।
সেই সময়ত বাংলাদেশী গৰু চোৰৰ দল এটাই চাৰিটা গৰু কঢ়িয়াই অনা দেখিছিল।
সহায়ৰ বাবে চিঞৰ-বাখৰ কৰি থকাৰ সময়তে চোৰৰ দলটোৱে গৰুটো এৰি চোকা অস্ত্ৰৰে যুৱক দুজনক আক্ৰমণ কৰি মোবাইল কাঢ়ি লৈ পলায়ন কৰে।
পিছত যুৱক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। গুৰুতৰভাৱে আহত এজন যুৱক। এনে ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এই ঘটনাক লৈ ক্ষুব্ধ হৈ এতিয়া স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ ভাৰতত কেনেকৈ প্ৰৱেশ কৰিলে দুষ্কৃতিকাৰীৰ দলে আৰু ইয়াৰ সঠিক তদন্তৰ দাবী জনাইছে।
স্থানীয় ৰাইজেও দাবী কৰিছে যে বি এছ এফৰ শিবিৰটো স্থানৰ পৰা মাত্ৰ ডেৰ কিলোমিটাৰ দূৰত।
ইফালে পাথাৰকান্দি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
