বৃহস্পতিবাৰে পুৱা উত্তৰ প্ৰদেশৰ বাণ্ডা জিলাত দুখন বাহনৰ সংঘৰ্ষত পাঁচজন লোক নিহত হোৱাৰ বিপৰীতে আন সাতজন আহত হয় বুলি আৰক্ষীয়ে জনায়।
এছ এইচ অ’ টিণ্ডোৱাৰী নৰেন্দ্ৰ সিঙে জানিবলৈ দিয়া মতে, থিতাতে ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে চিকিৎসালয়ত এজন লোকৰ মৃত্যু হয়।
বাণ্ডা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আহতসকল।
পুৱা প্ৰায় ৫ বজাত পাপ্ৰেণ্ডা পথত স্ক’ৰপিঅ’ আৰু এখন বলেৰ’ বাহন দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
আৰক্ষীয়ে জনোৱা মতে, বলেৰ’খনত থকা লোকসকলে ৰাজাপুৰত বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈ নিভাইচলৈ উভতি আহিছিল।
