ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰ। মঙলবাৰে বানৰ ফলত পুনৰ ৭ জন লোকে প্ৰাণ হেৰুৱায় অসমত। ইয়াৰ লগে লগে ৰাজ্যখনত বৰ্তমান বানপানী আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৮ জনলৈ বৃদ্ধি পাইছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানৰ বানৰ কবলত ৩২খন জিলা আৰু ১২১খন ৰাজহ চক্ৰৰ ৫৫৭৭খন গাঁৱৰ ৫৫.৪২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ১.০৮ লাখ হেক্টৰতকৈ অধিক শস্য ভূমি ধ্বংস হৈছে।
বিপদ স্তৰৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ আৰু কপিলী নদী। ৰাজ্যজুৰি ১৬৮৭টা সাহায্য শিবিৰত ২.৬২ লাখৰো অধিক বানাক্ৰান্তই আশ্ৰয় লৈছে। বিগত ২৪ ঘণ্টাত উদ্ধাৰকাৰী সংস্থাই ১১ হাজাৰতকৈ অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে। যিসকলক বান আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হোৱা নাই তেওঁলোকক ৰাজ্য চৰকাৰে মুকলি কৰা ৬১৫টা অস্থায়ী বিতৰণ কেন্দ্ৰ আৰু পইণ্টৰ জৰিয়তে সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে।
পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ বাবে কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ জোৱানসকলক ততাতৈয়াকৈ শিলচৰলৈ প্ৰেৰণ কৰি উদ্ধাৰ অভিযান চলায়।
ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে আন্তঃমন্ত্র্যালয়ৰ কেন্দ্রীয় দলে অসম আৰু মেঘালয়ৰ বানপীড়িত অঞ্চল পৰিদর্শন কৰি ক্ষয়-ক্ষতিৰ বুজ ল’ব৷ বানপানীৰ প্ৰথম ঢৌৰ পিছত ২৬-২৯ মে’লৈকে অসমৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল এটা আই এম চি টিয়ে।
মঙলবাৰে অসম চৰকাৰে ৰাজ্যৰ বৰ্তমানৰ লগতে বানপানীৰ পিছৰ পৰিস্থিতি পৰিচালনাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে।
