বলিউড ড্ৰাগছ কাণ্ড: মুখ্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ এনচিবিৰ

57

ডিজিটেল ডেস্কঃ বলিউডৰ ড্ৰাগছ কাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত ৰখা এনচিবিয়ে মুম্বাইতৰ এজন অন্যতম সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। এই সৰবৰাহকাৰীজনৰ নাম আজম শেখ জুম্মন। এনচিবিৰ তথ্য অনুসৰি আজম হিমাচল প্ৰদেশৰ পৰা ড্ৰাগচ আনি মুম্বাই চহৰত বিক্ৰী কৰে।

এনচিবিয়ে এয়া তেওঁলোকৰ বৃহৎ সাফল্য বুলি দাবী কৰিছে। আজমৰ কাষত তেওঁলোকে ড্ৰাগছৰ গ্ৰাহক সকলৰ এখন লিষ্ট উদ্ধাৰ কৰিছে। উল্লেখ্যযোগ্য কথা এয়ে যে, এই তালিকাখনত বহুতো বিখ্যাত লোকৰ নাম সন্নিবিষ্ট আছে।