বন্ধ ন্যায়ালয়ৰ কাম-কাজ, বাৰ এছ’চিয়েচন: প্ৰতিবাদত বহিল অধিবক্তা সমাজ

72

গুৱাহাটী:- বাৰ কাউন্সিল অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ, চিকিমে বৃহস্পতিবাৰে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। এঘন্টীয়া
অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে ন্যায়ালয়ৰ কামকাজ নিয়মীয়া কৰা, বাৰ এছ’ছিয়েচনৰ কাৰ্যালয়, লাইব্ৰেৰী আদি অনতি পলমে খুলিবলৈ দাবী উত্থাপন কৰা হয়।

এই কাৰ্যসূচীত বাৰ কাউন্সীলৰ অধ্যক্ষ হাফিজ ৰচিড চৌধুৰীয়ে অংশগ্ৰহণ কৰি চৰকাৰক এই বিষয়টো গুৰুত্ব সহকাৰে লবলৈ আহ্বান জনায়। আনহাতে বাৰ কাউন্সিল অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ সিদ্ধান্ত আৰু সদৌ অসম উকীল সন্থাৰ সহযোগত বৃহস্পতিবাৰে প্ৰতীকী অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।

অচিৰেই আদালতৰ কামকাজ নিয়মীয়া কৰা, পুৰ্বৰ দৰে আদালতৰ পৰম্পৰা অটুট ৰখা, বন্ধ কৰি ৰখা উকীল সন্থাৰ কাৰ্যালয় আৰু লাইব্ৰেৰী অনতি পলমে খুলি দিয়াৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই উকীল সন্থা, গুৱাহাটীয়ে পূৰ্ণ সমৰ্থন জনাই সন্থাৰ চৌহদৰ ভিতৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে সন্থাৰ সভাপতি বিৰাজ কুমাৰ চৌধুৰীয়ে কয় ‘ লকডাউনৰ ফলত উকীল সন্থা, গুৱাহাটীৰ প্ৰায় ২৭০০ জন অধিবক্তাৰ প্ৰায় সংখ্যকেই আজি আদালতৰ নিয়মীয়া কাম-কাজৰ পৰা আঁতৰত থাকিব লগা হৈছে।

তেওঁলোকৰ দৈনিক উপাৰ্জনৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। অধিক সংখ্যক অধিবক্তাই আজি তীব্ৰ আৰ্থিক সংকটত ভুগি আছে।আৰ্থিক সংকটত ভুগি থকা অধিবক্তা সকলৰ বাবে নাই কোনো চৰকাৰী কল্যাণমূলক আঁচনি। সেয়েহে আমি আদালতৰ কাম-কাজ নিয়মীয়া ভাৱে কৰিবলৈ চৰকাৰক আহ্বান জনালোঁ।’ এই কাৰ্যসূচীত সন্থাৰ অন্যান্য বিষয় ববীয়া সকল উপস্থিত থাকে। উল্লেখ্য কৰ’ণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্যন্যায়াধিশে আদালতৰ কামকাজৰ ক্ষেত্ৰত বিশেষ বাধ্য বাধকতা আনিছিল। ইয়াৰ ফলত আধিবক্তা সকলৰ ব্যপক অসুবিধাৰ সৃষ্টি হৈছে।