বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ ৫৬ সংখ্যক স্মৃতি দিৱস পালন

95

ষ্টাফৰিপৰ্টাৰ, অসম সাহিত্য সভাৰ, মুম্বাই শাখাৰ উদ্যোগত দেওবাৰে বিয়লি বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ ৫৬ সংখ্যক স্মৃতি দিৱস পালন কৰা হয়। তেওঁক সুঁৱৰি তেওঁৰ অনুপম কবিতা ৰাজিৰ পৰা কিছু কবিতাৰ আবৃত্তিৰ লগতে কবি গৰাকীৰ জীৱন ধাৰাৰ আলোকপাত আৰু কবি গৰাকীৰ পৰিয়ালৰ সৈতে এক সহৃদয় গধূলিৰ আয়োজন কৰা হয়।
মুম্বাই সাহিত্য সভাৰ সভাপতি সুৰাইয়া জাহানে আদৰণি ভাষণত গুৰুপূৰ্ণিমাৰ বিষয়ে কোৱাৰ লগতে জোনাকী যুগৰ কবিজনাই ১৯৫৫ চনত বনফুলৰ জৰিয়তে সাহিত্য একাডেমীৰ পুৰস্কাৰ পোৱাৰ কথা উল্লেখ কৰে।
লগতে কবিজনাৰ জীবনপঞ্জীৰ বিষয়েও তেওঁ কিছু কয়।অসমৰ লগতে দিল্লী, পুনে, বৰোডা আৰু মুম্বাইৰ পৰা কেইবা গৰাকী প্ৰথিতযশা কবি সাহিত্যিকে এই মনোৰম সন্ধিয়াত ভাগ লয়। এই সন্ধিয়াৰ অন্যতম আকৰ্ষণ আছিল, কবি জনাৰ শিৱসাগৰৰ ঘৰ আৰু পৰিয়ালৰ লোকৰ সৈতে লোৱা এক ভিডিও য’ত কবিজনাৰ অতীতৰ টুকুৰা কিছুৰ লগতে ৰসৰাজ বেজবৰুৱাই কবি জনলৈ লিখা দুখন চিঠি আৰু কেইবাখনো আপুৰুগীয়া পুথি দেখুৱা হৈছিল। কবিজনাৰ আজো নাতি সুশান্তলাল দুৱৰাই মুম্বাই সাহিত্য সভাৰ আয়োজক সকলক ধন্যবাদ জনোৱাৰ লগতে কবিজনাৰ সান্নিধ্যৰ কথা সুঁৱৰি শ্ৰদ্ধা জনায়। এই অনুষ্ঠানত
ডঃ অনিমা ডেকা, ডঃ প্লাৱন কাকতি  (অসমৰ), দিল্লীৰ অধ্যাপিকা,শৰ্মিষ্ঠা বৰ্মন চৌধুৰী, শ্যামলিমা কাকতি; বৰোদাৰ ৰূপা গগৈ; পুনেৰ শ্রাবণী গগৈ বৰুৱা; আৰু অসমৰ আশাদীপা শইকীয়া, মৌচুমী বৰা, অৰূপা বৰুৱা, পদুম ৰাজখোৱা, পূণ্য শইকীয়া, পাহাড়ি শইকীয়া, মৈত্ৰেয়ী বৰুৱা, চন্দনা হীৰা; তদুপৰি মুম্বাইৰ ৰেখা ফুকন, ৰুমা হাজৰিকা, হিৰণ ভূঞা, ৰিমঝিম মহন্ত আৰু সদানন্দ গগৈয়ে এই কবিজনাৰ বিষয়ে চমুকৈ কোৱাৰ লগতে সুন্দৰ আবৃত্তিৰে সকলোকে মোহিত কৰে।অসম সাহিত্য সভাৰ বিদায়ী সম্পাদক পদুম ৰাজখোৱাই মুম্বাই সাহিত্য সভাৰ শলাগ লয়। কবিতাৰ পৃথিৱীলৈ ৰং তুলি লৈ আনি সকলোকে এক সুযোগ দিয়া মুম্বাই সাহিত্য সভাৰ প্ৰধান সম্পাদক দীপাংকৰ বৰগোহাইয়ে শলাগৰ শৰাইৰে এই অনুষ্ঠানৰ সামৰণি মাৰে বুলি সভাৰ প্ৰচাৰ সম্পাদক দেবীকা বৰপূজাৰীয়ে জনায়।