বটদ্ৰৱাৰ হাইডুবীত একে নিশাই তিনিঘৰত চুৰি কাণ্ড

164

বটদ্ৰৱাৰ হাইডুবীত একে নিশাই তিনিঘৰত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে।উল্লেখযোগ্য যে ড্ৰাগছ আসক্ত আৰু জোৱাৰীয়ে চুৰি কাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।সোমবাৰে নিশা বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবী গাঁৱত একে নিশাই তিনিঘৰত চোৰে চলালে চাফাই অভিযান।হাইডুবি গাঁওৰ কাজিম উদ্দীনৰ ঘৰত নিশা সিন্ধি খান্দি ঘৰত প্ৰৱেশ কৰি মবাইল এটা,টকা ৬হাজাৰ,আৰু এছ,বি,আই এটিএম এটা,একে গাঁৱৰে ইন্নছ আলীৰ ঘৰৰ বৈদ্যুতিক মটৰ এটা ,একে গাঁৱৰে আন এটা ঘৰৰ পৰা গেছ ছিলিণ্ডাৰ লৈ যায়।উক্ত চুৰিকাণ্ড ড্ৰাগছ আসক্ত আৰু জুৱাৰীয়ে সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰে ভুক্তভোগী লোক সকলে।এই সন্দৰ্ভত ইতিমধ্যেই ভুক্তভোগী সকলে বটদ্ৰৱা আৰক্ষীক লিখিত অভিযোগ দাখিল কৰিছে বুলি জানিব দিয়ে।এই ক্ষেত্ৰত বটদ্ৰৱা আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষ্যণীয় হব।