বটদ্ৰৱাত মহাজোঁটৰ প্ৰাৰ্থী শিবামণি বৰাৰ নিৰ্বাচনী প্ৰচাৰ

58

বটদ্ৰৱাত মহাজোঁটৰ প্ৰাৰ্থী শিবামণি বৰাৰ নিৰ্বাচনী প্ৰচাৰ। কাৰ্যালয়ে কাৰ্যালয়ে নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থী গৰাকীৰ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো দুটা দিন থকা অৱস্থাত এতিয়া তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। বটদ্ৰৱা সমষ্টিৰ প্ৰাৰ্থী সকলেও ব্যাপক ৰূপত চলাইছে নিৰ্বাচনী প্ৰচাৰ। পিছ পৰি ৰোৱা নাই বটদ্ৰৱা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী শিবামণি বৰাও। সমষ্টিটোৰ বিভিন্ন ঠাইত থকা কাৰ্যালয়ে কাৰ্যালয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। মঙ্গলবাৰে সমষ্টিটোৰ পঞ্চায়তে পঞ্চায়তে অনুষ্ঠিত কৰিলে কেইবাখনো সভা।

শলগুৰি পঞ্চায়তৰ ধাকাই বস্তিত থকা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰাৰ্থী গৰাকীয়ে মিত্ৰজোটৰ প্ৰাৰ্থী আঙুৰলতা ডেকাক কটাক্ষ কৰি কয় মোৰ নাম নললে তেওঁৰ টোপনিয়ে নাহে। ভাত পেটলৈ নাযায়েই। মই ইমান দিনে পপুলাৰ নাছিলোঁ। ভালেই এতিয়া মোক তেওঁ পপুলাৰ কৰিছে। কংগ্ৰেছৰ চৰকাৰ হোৱাটো খাটাং সেইবাবেই তেওঁলোকে ভয় খাই ।লগতে শিবামনি বৰাই কয় বটদ্ৰৱাত মোৰ জয় ১০০ শতাংশ‌ই নিশ্চিত।

উল্লেখযোগ্য যে সভাসমূহত প্ৰায় শতাধিক বিভিন্ন দলৰ কৰ্মীয়ে ক‌ংগ্ৰেছ দলত যোগদান কৰে।