বটদ্ৰৱাত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। আহত স্কুলীয়া ছাত্ৰী। আজি বটদ্ৰৱাত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংগঠিত হয়। দুৰ্ঘটনাৰ ফলত বটদ্ৰৱা সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যায়নৰত হালিমা নামৰ এগৰাকী ছাত্ৰী স্কুলৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত মটৰ চাইকেলৰ খুন্দাত গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত হয়। AS02-AH-6207 নম্বৰৰ Glamour মটৰ চাইকলখন বটদ্ৰৱাৰ পৰা নগাঁও গৈ থকা অৱস্থাত ছাত্ৰী জনীক তিব্ৰ বেগেৰে খুন্দা মাৰি মহতিয়াই নিয়ে। ঘটনা স্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ ছাত্ৰী জনীক বটদ্ৰৱা প্ৰাথমিক চিকিৎসা সালয়লৈ লৈ যায় যদিও লগে লগে উন্নত চিকিৎসাৰ বাবে নগাঁও ভুগেশ্বৰী ফুকননী অ-সামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে।
