বটদ্ৰৱা শান্তিজান বজাৰ স্থিত APDCL পাৱাৰ হাউচত অঘটন৷ ইলেকট্ৰিক লাইনত কাম কৰি থকা অবস্থাত আলিমুন্দিন নামৰ বিদ্যুত কৰ্মচাৰী এজন বিদ্যুতপৃষ্ঠ হৈ ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়। কাম কৰি থকা অবস্থাতে পাৱাৰ হাউচৰ পৰা বিদ্যুত সংযোগ কৰি দিয়াত ঘটনাতো সংঘাতিত হয়৷ কাম কৰি থকা ঠাইত অভিযন্তা সহ কেইবাজনো কৰ্মচাৰী উপস্থিত আছিল৷ মৃত কৰ্মচাৰী জনৰ ঘৰ বাটমাৰীত বয়স (৩৪)৷ লাইনমেনজনৰ মৃত্যুক লৈ একাংশ উত্তেজিত লোকে উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে।
