নিউজ ডেস্ক। “বটদ্ৰৱা কাণ্ড আমাৰ বাবে অশনি সংকেত। এইয়া অসমৰ বাবে ভয়াবহ ভৱিষ্যতৰ ইংগিত।” -শনিবাৰে বটদ্ৰৱা আৰক্ষী থানাত সংঘটিত আক্ৰমণৰ ঘটনাক লৈ এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
মুখ্যমন্ত্ৰীয়ে কয়, “আমি যেতিয়া সভাই-সমিতিয়ে কৈ থাকোঁ, তেতিয়া কিছুমান মানুহে ভাবে যে আমি কথাবোৰ ৰহণ সানি কৈ থাকোঁ। এয়া বাস্তৱ নহয়। কিন্তু বটদ্ৰৱাৰ ঘটনাই প্ৰমাণ কৰি দিলে যে অসমৰ পৰিবেশ কিমান ভয়ানক আৰু বিপজ্জনক।”
এই আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও সকীয়নী প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, আৰক্ষী থানাত এজন অভিযুক্তৰ মৃত্যুৰ পিছতে আৰক্ষীয়ে হাঁহ আৰু ধন দাবীৰ অভিযোগ তুলি একাংশ দুস্কৃতিকাৰীয়ে শনিবাৰে জ্বলাই দিছিল বটদ্ৰৱা আৰক্ষী থানা।
এই ঘটনাৰ ভিডিঅ’যোগে ইতিমধ্যে আৰক্ষীয়ে ২১ জনক চিনাক্ত কৰিছে। আনহাতে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এখন এছআইটি কমিটিও গঠন কৰা হৈছে।
