বজৰং পুনিয়াক চাৰি বছৰৰ বাবে নিলম্বন

8

বজৰং পুনিয়াক চাৰি বছৰৰ বাবে নিলম্বন কৰিছে ৰাষ্ট্ৰীয় এণ্টি ডপিং এজেন্সী (নাডা)য়ে । চলিত বৰ্ষৰ ২৩ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে এই অস্থায়ী নিলম্বন। যোৱা মাৰ্চ মাহত ৰাষ্ট্ৰীয় দলৰ পৰীক্ষাৰ সময়ত ড’প টেষ্টৰ বাবে নমুনা দিবলৈ অস্বীকাৰ কৰিছিল বজৰং পুনিয়াই।প্ৰথমে ২৩ এপ্ৰিলত টকিঅ’ গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী মল্লযুঁজাৰুগৰাকীক এই অপৰাধৰ বাবে নিলম্বন কৰিছিল । ইয়াৰ পাছত ইউ ডব্লিউ ডব্লিউৱেও তেওঁক নিলম্বন কৰে। পাছত বজৰঙে অস্থায়ী নিলম্বনৰ বিৰুদ্ধে আবেদন জনাইছিল আৰু নাডাৰ অভিযোগৰ জাননী জাৰি নকৰালৈকে নাডাৰ এণ্টি ডিচিপ্লিনেৰী ড’পিং পেনেলে ৩১ মে’ত এই নিলম্বন বাতিল কৰিছিল । তাৰ পিছত ২৩ জুনত নাডাই মল্লযুঁজাৰুগৰাকীক জাননী প্ৰদান কৰে।এই চাৰি বছৰীয়া নিলম্বনৰ সময়ছোৱাত বজৰং পুনিয়াই কোনো মল্লযুঁজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। কেৱল সেয়াই নহয়, কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰশিক্ষকৰ ভূমিকাত থাকিব নোৱাৰে।