বজালীৰ ভট্টদেব বিশ্ববিদ্যালয়ত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

181

যোৱা ৬ আগষ্টত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনীয়াৰক ঠিকাদাৰৰ পৰা উৎকোচ লোৱা অৱস্থাত গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই।

প্ৰায় দুই ঘণ্টা সময় ধৰি বিশ্ববিদ্যালয়খনত অভিযান চলাই আছে দুৰ্নীতি নিবাৰক শাখাই।

বিশ্ববিদ্যালয়খনত সাংবাদিকৰ প্ৰবেশত বাধা প্ৰদান কৰিছিল।জানিব পৰা মতে ভট্টদেব বিশ্ববিদ্যালৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা বহু নথি পত্ৰ জব্দ কৰে অভিযানকাৰী দলে।

উল্লেখযোগ্য যে সাংবাদিকৰ প্ৰবেশ নিষিদ্ধ কৰাৰ পিছত একাংশ সাংবাদিকৰ প্ৰবেশ ভট্টদেব বিশ্ববিদ্যালয়ত ।

সাংবাদিকৰ প্ৰবেশৰ উমান পাই বিশ্ববিদ্যালয়ৰ মূল তোৰন এৰি অইন তোৰনৰে অভিযানকাৰী দল ওলাই যায় বুলি জানিব পৰা গৈছে।