বজালীয়ে অসমত এক দুগ্ধ বিপ্লৱ সৃষ্টি কৰাৰ দিশত-মুখ্যমন্ত্ৰী

64

ষ্টাফৰিপৰ্টাৰ, বজালীয়ে অসমত এক দুগ্ধ বিপ্লৱ সৃষ্টি কৰাৰ দিশত আগবাঢ়িছে। দুগ্ধ উৎপাদনেৰে এইক্ষেত্ৰত আদৰ্শ দাঙি ধৰা বজালী মিল্ক পাৰ্লাৰৰ স্বত্বাধিকাৰ তথা প্ৰগতিশীল দুগ্ধ উৎপাদক বিমল শৰ্মাৰ পামত উপস্থিত হৈ বিভিন্ন দুগ্ধ উৎপাদন পদ্ধতিৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
লগতে, অঞ্চলটোৰ দুগ্ধ উৎপাদকসকলৰ সৈতে মত বিনিময় কৰে আৰু বিজ্ঞানসন্মত পদ্ধতিৰে অসমত দুগ্ধ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ আহ্বান জনায়। আমাৰ চৰকাৰ সদায় দুগ্ধ উৎপাদকসকলৰ লগত আছে আৰু ‘আত্মনির্ভৰ অসম’ৰ মূলমন্ত্ৰ আগত ৰাখি দুগ্ধ খণ্ডক নতুন গতি দিয়াৰ বাবে আমি সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি যাব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।