বজালীত মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

92

বজালী জিলাৰ বাঘমাৰাত এটি কোঠাৰ ভিতৰত মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে মঙ্গলবাৰে পুৱা বাঘমাৰাৰ ক্ষুদ্ৰ ব্যৱসায়ী মৃদুল বৈশ্যৰ পত্নী শিখা বৈশ্য আৰু তেওঁলোকৰ কণমানি পুত্ৰৰ মৃতদেহ ঘৰৰ এটা কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

এয়া হত্যা নে আত্মহত্যা সেয়া নিশ্চিত নহলেও স্থানীয় ৰাইজে এয়া এক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিছে। স্থানীয় লোকৰ সন্দেহ অনুসৰি আৰ্থিক সংকটৰ বাবেই মহিলাগৰাকীয়ে সন্তান সহিতে আত্মহত্যাৰ পথ বাছি লয়।