বজালীত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু বিএছএফ জোৱানৰ…

251

সোমবাৰে পুৱা বজালী জিলাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱানৰ কৰুণ মৃত্যু হয়।

মৃত জোৱানজনৰ নাম বিপুল স্বৰ্গীয়াৰী।

জানিব পৰা মতে, জোৱানজন বাইকত গৈ তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰে, যাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়।

ৰাষ্ট্ৰীয় ঘাইপথ নং ৩ৰ এখন ফ্লাই অভাৰত সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে স্থানীয় আৰক্ষীয়ে ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰে।

ইয়াৰ পূৰ্বে আজি গোৱালপাৰাত এখন চাৰিচকীয়া বাহনে ই-ৰিক্সাত খুন্দা মৰাৰ ফলত থিতাতে এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।

খবৰ অনুসৰি গোৱালপাৰা জিলাৰ দুধনৈৰ সমীপৰ ডাবলিত সংঘটিত হৈছে এই ঘটনা। তীব্ৰবেগী গাড়ী এখনে যাত্ৰী কঢ়িয়াই অনা ই-ৰিক্সাত খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হয় এগৰাকী যুৱতীৰ। কৃষ্ণাইৰ বাসিন্দা শিল্পশ্ৰী দাস বুলি জানিব পৰা গৈছে।

তদুপৰি একেটা পৰিয়ালৰ চাৰিজনকে ধৰি ৫জন লোকো এই ঘটনাত আহত হয়।