বজালীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজনক আটক

297

অসম আৰক্ষীয়ে শনিবাৰে এক যৌথ অভিযানত বজালী জিলাত এজন লোকক আটক কৰাৰ লগতে তেওঁৰ হাতত থকা ৯২.৫৫০ কেজি গাঞ্জা জব্দ কৰে।

বজালী আৰু নলবাৰী আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই এখন দোকানৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জা খিনি।

বজালীৰ মাহতলী গাওঁত আটক কৰা হৈছে কৈলাশ দাস নামৰ অভিযুক্ত এজনক।

জব্দকৰণৰ সন্দৰ্ভত অসম আৰক্ষীয়ে টুইট কৰি কয়, “বজালী জিলাৰ মাহতলী গাওঁত বজালী আৰু নলবাৰী আৰক্ষীয়ে যৌথ অভিযান চলাইছিল।কৈলাশ দাসৰ দোকানত তালাচী চলোৱাৰ সময়ত আৰক্ষীৰ দলটোৱে তেওঁৰ হাতত পৰা ৯২.৫৫০ কেজি গাঞ্জা জব্দ কৰে আৰু সেই অনুসৰি আটক কৰে।”

ইয়াৰ পূৰ্বে জুলাই মাহত গুৱাহাটী আৰু ইয়াৰ আশে-পাশে দুটা ভিন্ন অভিযানৰ সময়ত আৰক্ষীয়ে অবৈধ গাঞ্জাৰ বৃহৎ চালান জব্দ কৰিছিল।