বছৰৰ প্ৰথমটো বানে জলমগ্ন নগাঁওৰ বিভিন্ন অঞ্চল

111

বছৰৰ প্ৰথমটো বানে নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চল প্লাৱিত কৰিছে।

কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ ফলত নগাঁও আৰু হোজাই জিলাৰ বিভন্ন অঞ্চল জলমগ্ন হোৱাৰ লগতে নগাঁৱৰ কচুৱাৰ চিতলমাৰি আৰু মাধৱপাৰা অঞ্চলৰ শতাধিক পৰিয়ালৰ বাসগৃহত পানী সোমোৱাৰ লগতে হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিছে।

জেঠ মহীয়া প্ৰথমটো বানে বিপৰ্যষ্ট কৰি তুলিছে জনজীৱন।

ৰাইজৰ অভিযোগ প্ৰশাসনে খবৰ লোৱা নাই বানপিড়ীত ৰাইজৰ।

শতাধিক বাসগৃহ বানপানীৰ কৱলত।

কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত কামপুৰ ৰাজহ চক্ৰৰ জুৰিৰ পাৰ,মাধবপাৰা,চিতলমাৰি অঞ্চলত সুচনা হৈছে জলপ্ৰলয়ৰ।

কেবাঠাইত মথাউৰি ভাঙি সোমাইছে বৰপানিৰ বাঢ়নী পানী।

বুৰ গৈছে পথ, উটুৱাই নিলে দুখন বাহৰ আৰু ৰমনিপথাৰৰ কাঠৰ দলং।

যাতায়ত আৰু বিদ্যুৎ সেৱা ব্যাহত।