বৃহস্পতিবাৰে নিশা বঙাইগাঁৱৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাপৰাকাটাত দুৰ্ঘটনাত পতিত হয় এখন চোৰাং কাঠ কঢ়িয়াই নিয়া টাটা মোবাইল বাহন। AS-17-B-3736 নম্বৰৰ বাহনখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে চোৰাং কাঠখিনি জব্দ কৰে।
ইফালে চোৰাং কাঠ ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পোৱাৰ পিছতো লক্ষ্যণীয়ভাৱে বন বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নহ’ল বুলি অভিযোগ কৰিছে স্থানীয় লোকে ৷ বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ পৰা ব্যাপক হাৰত ৰাষ্ট্ৰীয় ঘাইপথৰে চোৰাং কাঠৰ সৰবৰাহ অব্যাহত আছে ৷