বঙাইগাঁও জিলাৰ দলাইগাঁৱৰ উজানপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। প্ৰাতঃ ভ্ৰমণলৈ ওলাই অহাৰ সময়তে চোকা অস্ত্ৰৰে হত্যা কৰে বাণীকান্ত বৈদ্য নামৰ এজন লোকক।
ব্যক্তিজনক প্ৰতিৱেশী গকুল ৰায়ে দাৰে ঘপিয়াই হত্যা কৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে গকুল ৰায়ক ৷
মাটি-বাৰীৰ কাজিয়াক লৈ সৃষ্টি হোৱা সংঘাতৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷
