বুধবাৰে নিশা বঙাইগাঁৱত অচিনাক্ত দুষ্কৃতিকাৰীয়ে এহাল ভাতৃ-ভগ্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
বঙাইগাঁৱৰ দুৰ্গামাৰী গাঁৱত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড।
তথ্য অনুসৰি কালি নিশা দুৰ্বৃত্তই তেওঁলোকৰ ঘৰত সোমাই ভাতৃ-ভগ্নীহালক আক্ৰমণ কৰাৰ ফলত তেওঁলোকৰ মৃত্যু হয়।
হত্যাৰ অভিযোগৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
নিহত ভাতৃ-ভগ্নীহালৰ নাম আজমল শ্বেখ আৰু ফিৰোজা বেগম।
ইফালে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ দুটা উদ্ধাৰ কৰে।
অধিক তদন্ত অব্যাহত আছে।