বঙাইগাঁও জিলাৰ নিউবঙাইগাঁৱত আমছুৰ উত্তাল প্ৰতিবাদ, ৰাজপথত মুখ‍্যমন্ত্ৰী আৰু সংখ‍্যালঘু বিভাগৰ মন্ত্ৰীৰ পুত্তলিকা দাহ

76

বঙাইগাঁও:- বঙাইগাঁও জিলা আমছুয়ে আজি জিলাখনৰ নিউ বঙাইগা‍ঁওত মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু সংখ‍্যালঘু উন্নয়ন উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে।

সংখ‍্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ কেলেংকাৰীৰ বিৰুদ্ধে আমছুয়ে দীৰ্ঘদিনৰ পৰাই ধাৰাবাহিক ভাৱে আন্দোলন কৰাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰা, বিয়াগোম দুৰ্ণীতিৰ কোনো তদন্ত নকৰা , চৰকাৰী ভাৱে এই বিষয়টো লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা আদিৰ অভিযোগ উত্থাপন কৰে আমছুৰ নেতা সকলে৷

পুত্তলিকা দাহ কাৰ্যসুচিৰ দ্বাৰা আমছুয়ে চৰকাৰক সকীয়াই দিয়ে যে অতি সোনকালে সংখ‍্যালঘু ছাত্র বৃত্তিৰ ধনৰ কেলেংকাৰীৰ তদন্ত কৰি দোষীৰ শাস্তিৰ দাবী কৰে৷ অন‍্যথা ভয়াবহ আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনৰ নেতা সকলে।

সংখ‍্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ কেলেংকাৰীৰ বিৰুদ্ধে আমছুয়ে তথ‍্য সহকাৰে চৰকাৰক জনোৱাৰ পিচতো চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাটো অতিকে দুৰ্ভাগ্যজনক আখ‍্যা দিয়ে আমছুয়ে।
দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ পিচতো চৰকাৰখনে নিমাতে থকাটো ৰহস‍্যজনক বুলি আমছুয়ে কয়। সেয়ে আজি আমছুয়ে সমগ্ৰ ৰাজ‍্যত এইদৰে পুত্তলিকা দাহ কৰি প্ৰতিবাদ কৰে৷