বগামাটিত নাও দুৰ্ঘটনা…

53
purbottar-asomiya-favicon

নৱবৰ্ষৰ আনন্দ উছাহৰ মাজতে বগামাটিত সংঘটিত হয় এক নাও দুৰ্ঘটনা। বগামাটিৰ বৰনদীত এখন যাত্ৰীবাহী নাও ডুব যোৱাত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰে অৰ্ধশতাধিক যাত্ৰী। জানিব পৰা মতে, অত্যাধিক যাত্ৰী কঢ়িওৱাৰ বাবেই নাওখন নৈত বুৰ যায়।

ইফালে নাওখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে একাংশ নাওৰীয়াই তৎপৰতাৰে যাত্ৰীসকলক উদ্ধাৰ কৰে। নাওখনত শিশু আৰু মহিলাও আছিল বুলি জানিব পৰা গৈছে।