বক্সিং ৰিঙত প্ৰতিদ্বন্দ্বীৰ ঘোচাত অচেতন হৈ পৰিল বক্সাৰ, মৃত্যু

71

বাংগালুৰৰ এখন বক্সিং প্ৰতিযোগিতাৰ খেলৰ মাজতে প্ৰতিদ্বন্দ্বীৰ আঘাতত এগৰাকী বক্সাৰৰ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰতিদ্বন্দ্বীৰ শক্তিশালী ঘোচাত অচেতন হৈ বাগৰি পৰে এগৰাকী বক্সাৰ। লগে লগে তেওঁক আয়োজক আৰু আন সকলে বাংগালুৰুৰ জি এম হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

এই ঘটনাৰ পিছতে ৰাজ্যিক পৰ্যায়ৰ কে-১ কিকবক্সিং চেম্পিয়নশ্বিপৰ আয়োজকৰ বিৰুদ্ধে অৱহেলাৰ গোচৰ ৰুজু কৰিছে বাংগালুৰু আৰক্ষীয়ে। বাংগালুৰুৰ জ্ঞানজ্যোতি নগৰৰ পাই আন্তঃৰাষ্ট্ৰীয় ভৱনত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখনি।

জানিব পৰা মতে, যোৱা ১০ জুলাইত সংঘটিত হৈছিল এই দুৰ্ঘটনা। প্ৰতিযোগিতাৰ এখন খেলত মহীশূৰৰ নিৱাসী তথা যুৱ বক্সাৰ নিখিল এছ (২৩)-এ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ৰিঙত অৱতীৰ্ণ হোৱাৰ সময়তে সংঘটিত হয় এই অঘটন। প্ৰতিদ্বন্দ্বীৰ এটা শক্তিশালী ঘোচাত ৰিঙত বাগৰি পৰি মৃত্যুক সাৱটি লয় নিখিলে।

ইফালে মৃত বক্সাৰ নিখিলৰ পিতৃয়ে অভিযোগ কৰা মতে, প্ৰতিযোগিতাখন চলি থকাৰ সময়তো তাত কোনো জৰুৰীকালীন অক্সিজেনৰ সুবিধা, পেৰামেডিকেল ইউনিট বা ষ্ট্ৰেছাৰ উপলব্ধ নাছিল। বক্সিং ৰিঙত নিখিল বাগৰি পৰাৰ পিছত তেওঁক কোনো প্ৰাথমিক চিকিৎসা প্ৰদান নকৰাৰ বাবেই মৃত্যুক সাৱটি ল’বলগীয়া হোৱা বুলি অভিযোগ কৰে বক্সাৰগৰাকীৰ পিতৃ সুৰেশ এছে।

জ্ঞান ভাৰতী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে ভাৰতীয় দণ্ডবিধি(ক) ধাৰা ৩০৪(ক)ৰ অধীনত প্ৰতিযোগিতাখনৰ আয়োজকসকলৰ বিৰুদ্ধে অৱহেলাৰ ফলত মৃত্যু ঘটা সম্পৰ্কীয় এটা গোচৰ ৰুজু কৰি নিখিলৰ মৃত্যুৰ পৰবৰ্তী তদন্ত অব্যাহত ৰখা হৈছে।