বকোৰ জালুকবাৰীত নিশা চাঞ্চল্যকৰ ঘটনা। গৰম পানী ধালি হত্যাৰ চেষ্টা বনমালী কৈৱৰ্ত নামৰ যুৱক এজনক।কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত জালুকবাৰীত যোৱা নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি এক ব্যক্তিগত কাৰণত লগা কন্দলৰ পৰিণতিত সংঘটিত হয় অপ্ৰীতিকৰ ঘটনা। ঘটনাৰ পাকচক্ৰত গৰম পানী শৰীৰত ধালি দি কৰে অত্যাচাৰ। জানিব পৰা মতে একে গাওঁৰে জ্যোতিষ কৈৱৰ্ত নামৰ লোক জনে বনমালী কৈৱৰ্ত নামৰ লোক জনৰ মুৰত ধালি দিয়ে উতলা গৰম পানী। গৰম পানী ধালি দিয়াৰ পাছত বনমালীৰ মুখমণ্ডল আৰু শৰীৰত আন আন ঠাইত গুৰতৰ আঘাত হয় ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে ততাতৈয়াকৈ বকো স্বাস্ব্য কেন্দ্ৰত ভৰ্ত্তি কৰে।জ্যোতিষ কৈৱৰ্ত নামৰ লোকজনে বনমালী কৈৱৰ্ত নামৰ লোকজনক উতলা গৰম পানী মুৰত ধালি দিয়া কাৰ্য্যত হতভম্ব হৈ পৰে গাওঁৰ লোক সকল। জনা মতে গাওঁ খনৰ চন্দন কৈৱৰ্ত নামৰ লোক জনৰ ছোৱালীৰ তোলনী বিয়াত সংঘটিত হয় এই ঘটনা ৷স্থানীয় লোকৰ পৰা পোৱা খৱৰ মতে বনমালী কৈৱৰ্তৰ সৈতে জ্যোতিষ কৈৱৰ্তৰ জাতিগত সংগঠনৰ কথাক লৈ বাক বিতণ্ডা চলি আছিল ৷ ইফালে বকো স্বাস্ব্য কেন্দ্ৰত বকো আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লয়। ইতিমধ্যে বনমালী কৈবৰ্তই জ্যেতিষ কৈৱৰ্তৰ বিৰুদ্ধে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

