বকোত বাহন সহ এজনক গ্ৰেপ্তাৰ।

498

বকোত বাহন সহ এজনক গ্ৰেপ্তাৰ।
গোপন খবৰৰ ভিত্তিত অভিযান চলাই থকাৰ মাজতে বকো আৰক্ষীয়ে AS-25-AC-6668 নম্বৰৰ ডি, আই গাড়ীৰে অবৈধ চোৰাং কাঠ ভৰ্তি কৰি লৈ যোৱা প্ৰত্যক্ষ কৰি খেদি খেদি যায় ।যদিও আৰক্ষীয়ে গাড়ী খন আটক কৰিবলৈ সক্ষম নোহোৱাত পিছলৈ গাড়ী খনে অবৈধ কাঠ সমূহ খালি কৰি ঘূৰি অহাৰ পথত বকোৰ পয়ৰঙগাৰ পৰা আৰক্ষীয়ে দেৱ ৰাভা নামৰ এগৰাকী লোক সহ গাড়ী খন আটক কৰে। পিছলৈ গাড়ী সহ আটকাধীন লোক জনক বকো আৰক্ষীয়ে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বন কৰ্মীক সমজাই দিয়ে। আজি নগৰবেৰাৰ বন কৰ্মীয়ে দেৱ ৰাভা নামৰ লোক জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।