বকোত আপকুৰ দ্বাদশ দ্বি-বার্ষিক অধিবেশন…

78

বকো: বকোৰ ছমৰীয়াস্থিত শিক্ষক ভৱনত শনিবাৰে অনুষ্ঠিত হৈ যায় আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ কামৰূপ জিলা সমিতিৰ দ্বাদশ দ্বি-বার্ষিক অধিবেশনখনি। পুৱা জিলা সমিতিৰ সভাপতি আবুল কালাম আজাদৰ পতাকা উত্তোলনৰ পাছতে স্মৃতি তর্পণ আৰু বন্তি প্রজ্জ্বলন কৰে সমিতিৰ উপ-সভাপতি হিতেন মালী আৰু কোষাধ্যক্ষ তাপস সমাদ্দাৰে৷

আনহাতে দুপৰীয়া আপকুৰ কামৰূপ জিলা সমিতিৰ সভাপতি আবুল কালাম আজাদৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা। সভাত আদৰণী ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি দুলাল ভৰালীয়ে৷ সভাত অংশগ্ৰহণ কৰি আপকুৰ কেন্দ্ৰীয় সমিতিৰ কার্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্যই সাংবাদিকৰ নিৰাপত্তাৰ লগতে সাংবাদিক হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷

ছমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰীয়ে চৰকাৰৰ সহযোগত ছমৰীয়া সত্ৰখনৰ উন্নয়নৰ কাম চলি থকা বুলি উল্লেখ কৰে৷ ছমৰীয়া সত্ৰখনক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ দাবী উত্থাপনৰ লগতে ছমৰীয়া-বকো দ্বৈত পথ নিৰ্মাণৰ লগতে ছমৰীয়াত এখন উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয় স্থাপন কৰাৰ বাবে সত্ৰাধিকাৰে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায়৷