বকোত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

44

সৃষ্টি মণ্ডল পৰ্যায় সংগঠনৰ সৌজ্যন্যত বকো গান্ধী মৈদানত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন।উল্লেখ্য যে নাৰী দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৰ মহিলা সকলৰ সহযোগত বকো গান্ধী মৈদানৰ পৰা বকো মেডিকেল চকলৈএটি প্ৰতিবাদী সমদল উলিওৱা হয়।এই প্ৰতিবাদী সমদলত মহিলাসকলে নাৰী নিৰ্যাতন বন্ধ কৰক,নাৰীক সম অধিকাৰ প্ৰদান কৰক,নাৰীক সন্মান কৰক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

এই নাৰী দিৱসৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত কৰা হয়।এই সভাত উপস্থিত থাকে বকো উন্নয়ন খণ্ডৰ খণ্ড সমন্বয়ক অনুপম বৰঠাকুৰ,সভাত সভাপতিত্ব কৰে সৃষ্টি মণ্ডল পৰ্যায় সংগঠনৰ স্থায়ী সভাপতি সুৱলা ৰাভাই।এই সভাত বহুতো মহিলা উপস্থিত থাকে।