গোলাঘাটৰ ফৰকাটিং চাহ বাগিচাত খৰি বুটলিবলৈ গৈ থকা অৱস্থাত এগৰাকী মহিলাক দেওবাৰে নাহৰফুটুকীয়ে আক্ৰমণ কৰে।
ভোনী মিৰ্ধা নামৰ যুৱতীগৰাকীয়ে খৰি সংগ্ৰহ কৰি থকা অৱস্থাত জোপোহাৰ মাজত লুকাই থকা নাহৰফুটুকীটোৱে হঠাতে চাহ বাগিচাৰ মাজত মহিলাগৰাকীৰ ওপৰত আক্ৰমণ চলায়।
ততাতৈয়াকৈ মহিলাগৰাকীক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
আন এক ঘটনাত দেওবাৰে তিনিচুকীয়া জিলাত এটা আহত নাহৰফুটুকী দেখা গৈছিল। খোৱাঙৰ চাহ বাগিচাৰ শ্ৰমিকে প্ৰত্যক্ষ কৰে আহত নাহৰফুটুকীটো।
খোৱাং চাহ বাগিচাৰ গাঁওবাসীয়ে আহত নাহৰফুটুকীৰ সন্দৰ্ভত বন বিষয়াক অৱগত কৰে। পিছত নাহৰ ফুটুকীটো বন বিষয়াই নিৰাপদে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে লৈ যায়।