ফুটবলৰ কিংবদন্তি ডিয়েগো মাৰাডোনাৰ ঘড়ী চুৰি কৰি গ্ৰেপ্তাৰ অসমৰ যুৱক

89

ফুটবলৰ কিংবদন্তি ডিয়েগো মাৰাডোনাৰ ঘড়ী চুৰি কৰি গ্ৰেপ্তাৰ হল অসমৰ যুৱক। অসম আৰক্ষীয়ে ডুবাই আৰক্ষীৰ সহযোগত অভিযান চলাই মাৰাডোনাৰ বহু মূল্যবান ঘড়ীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, এই হাবলট ঘড়ীটো বিশ্বৰ এটা সীমিত সংস্কৰণৰ ঘড়ী।

অসম আৰক্ষীয়ে এই ঘড়ী চুৰিৰ গোচৰ সন্দৰ্ভত চৰাইদেউ জিলাৰ মৰাণহাট অঞ্চলৰ পৰা ৱাজিদ হুছেইন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই বিষয়ে ৰাইজক অৱগত কৰে। তেওঁ কওঁ যে অসম আৰক্ষীয়ে ভাৰতীয় ফেডাৰেল এলইএৰ জৰিয়তে ডুবাই আৰক্ষীৰ সৈতে সহযোগিতা কৰিছিল আৰু আৰ্জেণ্টিনাৰ স্বৰ্গীয় উস্তাদৰ ঐতিহ্যবাহী হাবলট ঘড়ীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু অভিযুক্ত ৱাজিদ হুছেইনক গ্ৰেপ্তাৰ কৰে।