ফিলিপাইনত প্ৰাকৃতিক দুৰ্যোগ, ৫৩জনৰ মৃত্যু

87

ডিজিটেল ডেস্কঃ ফিলিপাইনৰ আৰক্ষীৰ তথ্য অনুসৰি শনিবাৰে চলিত সপ্তাহত ভেমকো নামৰ টাইফুনৰ ফলত দেশখনত মৃত্যুৰ পৰিমাণ ৫৩ জনলৈ বৃদ্ধি পাইছে।

আৰক্ষীৰ সুত্ৰ অনুসৰি বুধবাৰৰ পৰা বৃহস্পতিবাৰলৈ  টাইফুনৰ ফলত হোৱা বাঢ়নি পানী আৰু ভুমিস্খলনত ২২ জন লোক এতিয়াও নিৰুদ্দেশ হৈ আছে।

সন্ধানহীন সকলৰ সন্ধানত উদ্ধাৰকাৰীয়ে অব্যাহত ৰাখিছে অভিযান। কাগায়ন আৰু ইছাবেলা ৰাজ্যৰ ভুক্তভোগীসকলক পুনৰ সস্থাপনৰ ক্ষেত্ৰত গুৰুত্ব দিছে ফিলিপাইন চৰকাৰে।

কাগায়ন আৰু ইছাবেলাৰ আৱদ্ধ লোকৰ উদ্ধাৰৰ বাবে ৰবৰৰ নাও ব্যৱহাৰ কৰি উদ্ধাৰকাৰীসকলে অব্যাহত ৰাখিছে অভিযান।