ফটাশিলত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ছাই হ’ল ৫০ৰো অধিক বাসগৃহ

198

গুৱাহাটীঃ শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ ফটাশিল আমবাৰীৰ হৰিজন কলনী এলেকাত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়।

ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে ছাই হৈ পৰে কলনীটোৰ ৫০টাৰো অধিক ঘৰ।

অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

জুইৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিট ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

অগ্নিকাণ্ডৰ পিছত ঘটনাস্থলীত কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।