পৰ্যটকৰ সকলৰ লগতে শিৱসাগৰবাসীৰ বাবে এটা ডাঙৰ ভাল খবৰ
শিৱসাগৰ জিলাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ অন্যতম থকা এছিয়া প্ৰথম পেভিলিয়ন ঐতিহাসিক ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে অসম চৰকাৰে লৈছে এক অভিলাষী প্ৰকল্প ।
৮৩ বিঘা ২ কঠা ৮.৫ লোচা ভূমিজুৰি সংগ্ৰহালয় , অতিথিৰ জিৰণি চৰা আদি নিৰ্মাণৰ লগতে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সজাই-পৰাই তুলিব এছিয়াৰ প্ৰথমটো পেভিলিয়ন ৰংঘৰক ।
সেই উদ্দেশ্যে অধিগ্ৰহণ কৰা ৭৮ বিঘা ১ কঠা ৫.৫ লোচা ম্যাদী মাটিৰ গৰাকীৰ ভিতৰৰ ৯ গৰাকীক আজি চেক বিতৰণ কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে।
