‘পৰীক্ষা’ৰ বাবে আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান…

56

ডিজিটেল ডেস্কঃ নিজৰ অভিনয় প্ৰতিভাৰে বিশ্বৰ দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হোৱা অসম সন্তান আদিল হুছেইনে ইন্দো জাৰ্মান ফিল্ম উইকত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ৩০ ছেপ্তেম্বৰত বেৰ্লিনত অনুষ্ঠিত হোৱা এই ছবি মহোৎসৱত প্ৰকাশ ঝা পৰিচালিত ছবি ‘পৰীক্ষা’ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে আদিল হুছেইনে। ছবিখনত তেওঁ বুচ্ছি পাছৱান নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল।

উল্লেখ্য যে, ‘পৰীক্ষা’ নামৰ ছবিখন আইপিএছ বিষয়া অভয়ানন্দৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে।