প্ৰয়াত সাহিত্যিক-সাংবাদিক হোমেন বৰগোঁহাঞিক অসম ৰত্ন প্ৰদানৰ দাবী নলবাৰী জিলা সাহিত্য সভাৰ

90

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰতিথযশা সাহিত্যিক, সাংবাদিক প্ৰয়াত হোমেন বৰগোঁহাঞিলৈ মৰোণত্তৰভাৱে অসম ৰত্ন সন্মান প্ৰদানৰ দাবী জনাইছে নলবাৰী জিলা সাহিত্য সভাই। শুকুৰবাৰে নলবাৰীৰ জিলা সাহিত্য সভাৰ কাৰ্যালয়ৰ সুভদ্ৰা চৌধুৰী ভৱনত অনুষ্ঠিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদ্যপ্ৰয়াত সাহিত্যিক, সাংবাদিক হোমেন বৰগোঁহাঞিৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলা সাহিত্য সভাৰ কৰ্মীসকলে।

প্ৰয়াত সাহিত্যিকগৰাকীক প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰাৰ অন্তত দিয়া ভাষণত জাৰ্ণাল এম্প’ৰিয়ামৰ স্বত্বাধিকাৰ সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্যই কয় যে, অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি তথা অসমীয়া জাতিৰ হ’কে প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ অৱদান অতুলনীয়। অসমীয়া জাতিক বহু কেইখন মান সম্পন্ন গ্ৰন্থ উপহাৰ দি তেওঁ খ্যাতি ৰাখি গ’ল। ১৯৭০ খৃষ্টাব্দত পোন প্ৰথমবাৰৰ বাবে তেজপুৰত হোমেন বৰগোহাঞিৰ সান্নিধ্য লাভৰপ ৰা বৰ্তমান সময়লৈ মত-বিনিময় কৰিবলৈ সুযোগ পাইছিল বুলিও তেওঁ‌ কয়। আনহাতে জাৰ্ণাল এম্প’ৰিয়ামৰ জৰিয়তে হোমেন বৰগোহাঞিৰ তিনিখন মুল্যৱান পুথি প্ৰকাশ কৰিছে বুলিও প্ৰকাশক বৈশ্যই কয় ।

নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই পৰিচালনা কৰা এই অনুষ্ঠানটিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই অসমীয়া ভাষাত বিশ্বকোষ প্ৰকাশৰ বাবে হোমেন বৰগোহাঞিয়ে কৰা অহোপুৰুষাৰ্থৰ বিষয়ৰ লগতে তেওঁৰ লিখন শৈলীৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।