প্ৰয়াত অভিনেতা নিপন গোস্বামীৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলি

247

অসমীয়া ছবি জগতৰ যশস্বী অভিনেতা সদ্য প্ৰয়াত নিপন গোস্বামীৰ বাসগৃহত মঙলবাৰে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা।

প্ৰয়াত অভিনেতাগৰাকীৰ শিলপুখুৰীস্থিত বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ লগতে পৰিয়ালৰ সৈতে মত বিনিময় কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

অন্যহাতে নিপন গোস্বামীৰ সৈতে মুখ্যমন্ত্ৰীয়ে শৈশৱতে কৰা এখন ছবিৰ স্মৃতি ৰোমন্থন কৰি আবগিক গৈ পৰাও দেখা যায়।